টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন মহিলা বক্সাৰ লাভলিনাৰ

107

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে। কোভিড পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে এই ভালখবৰ। চলিত বৰ্ষত টকিঅ’ত অনুষ্ঠিত হবলগীয়া অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপেও পৰিগণিত হৈছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে লাভলিনাক শুভেচ্ছা জনাই কয়, ‘আমাৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ বিষয় যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা বৰগোহাঁই প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ। তোমাক বহু অভিনন্দন’।

উল্লেখ্য যে, অলপতে হৈ যোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত লাভলিনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে৷