টকিঅ’ অলিম্পিকত ভাৰতক প্ৰথমটো পদকৰ সোৱাদ দিলে মীৰা বাঈ চানুৱে

82

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত প্ৰথমটো পদক অৰ্জনেৰে ভাৰত তথা উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল মীৰা বাঈ চানুৱে। ভাৰত্তোলনৰ ৪৯ কেজি শাখাত ৰূপৰ পদক অৰ্জনেৰে ভাৰতক প্ৰথমটো পদকৰ সোৱাদ দিয়ে মণিপুৰৰ মীৰা বাঈ চানুৱে।

ভাৰত্তোলনত মীৰা বাঈয়ে স্নেনছত ৮৭ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কেজি দাঙিবলৈ সক্ষম হয়। দুয়োটা মিলি মীৰা বাঈৰ মুঠ ওজন হয় ২০২ কেজি। আনহাতে চীনৰ জিহুইৰ হাউৱে শ্নেনছ আৰু ক্লিন এণ্ড জাৰ্কত মিলাই ২১০ কেজি দাঙিবলৈ সক্ষম হৈছে। যাৰ বাবে তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে।