টকিঅ’ অলিম্পিকত কোৰোনাৰ ছায়াঃ আকৌ দুগৰাকী এথলিট কোভিড পজিটিভ

73

আন্তঃৰাষ্ট্ৰীয় খবৰঃ টকিঅ’ অলিম্পিকৰ শুভাৰম্ভণিৰ দিন যিমানেই চমু চাপিছে, সিমানেই অলিম্পিকত বৃদ্ধি পাইছে মহামাৰী কোৰোনাৰ আতংক। যোৱা এটা সপ্তাহপূৰ্বে টকিঅ’ অলিম্পিকৰ এগৰাকী খেলুৱৈৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ পিছতে এইবাৰ পুনৰ দুগৰাকী এথলিটৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

দেওবাৰে টকিঅ’ অলিম্পিকৰ উদ্যোক্তাই প্ৰকাশ কৰা মতে, দক্ষিণ কোৰিয়াৰ টেনিছ দলৰ এগৰাকী খেলুৱৈসহ দুগৰাকী এথলিটৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছে। উপসৰ্গহীনভাৱে কোৰোনাত আক্ৰান্ত হোৱা এথলিট দুগৰাকীক বৰ্তমান আইছ’লেশ্যন কৰি ৰখা হৈছে।

ইফালে টকিঅ’ অলিম্পিকৰ মুখ্য আয়োজক শ্বেখ হাছিমতোই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কোভিড প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে প্ৰতিগৰাকী খেলুৱৈৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি থকা হৈছে। উল্লেখ্য যে, কোভিড পৰিস্থিতিৰ বাবে এটা বৰ্ষ পিছুৱাই দিয়া হৈছিল এই ক্ৰীড়া মহোৎসৱ আয়োজনত। এইবাৰ দৰ্শকশূণ্য ষ্টেডিয়ামত টকিঅ’ অলম্পিক অনুষ্ঠিত কৰা হব বুলিও মন্তব্য কৰে মুখ্য আয়োজকে।

প্ৰণিধানযোগ্য যে, টকিঅ’ অলিম্পিক আয়োজনক লৈ জাপানৰ বিভিন্ন প্ৰান্তত বৰ্তমানো তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ আছে। এই ক্ৰীড়া উৎসৱ কোভিড সংক্ৰমণৰ বাবে অতি ভয়াবহ বুলি একাংশই দাবী জনাই আহিছে। কিন্তু তাৰ পিছতো অলিম্পিক আয়োজনত এইবাৰ বদ্ধপৰিকৰ আয়োজক।