টকিঅ’ অলিম্পিকঃ ব্ৰঞ্জৰ পদকেৰে যাত্ৰাৰ সামৰণি মাৰিলে লাভলীনাই

133

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে যাত্ৰাৰ সামৰণি মাৰিবলগা হ’ল অসম কন্যা লাভলীনা বৰগোঁহাইয়ে। যদিও ছেমি ফাইনেলত পৰাস্ত হৈ লাভলীনাই নিজৰ যাত্ৰাৰ সামৰণি মাৰিলে, তথাপিও অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় লাভলীনাই।

বুধবাৰে অনুষ্ঠিত ৬৯ কেজি শাখাৰ ছেমি ফাইনেলত তুৰ্কীৰ বক্সাৰ বুছেনাজ চুৰমেনেলিৰ হাতত পৰাস্ত হয় লাভলীনা। বিশ্ব চেম্পিয়ন বুছেনাজ প্ৰথম ৰাউণ্ডৰ পৰাই আক্ৰমণাত্মক হৈ খেলে। যাৰ বাবে খেলখনত নিজক স্থিতি দিয়াত ব্যৰ্থ হয় লাভলীনা।

ব্ৰঞ্জৰ পদক লাভেৰে ২০২০ৰ অলিম্পিকত লাভলীনাৰ যাত্ৰাৰ অন্ত পৰিলেও এয়া অলিম্পিক যাত্ৰাৰ শেষ নহয়। ২০২৪ৰ অলিম্পিকলৈ লাভলীনা সাজু হব লাগিব আৰু সেইবাৰ স্বৰ্ণজয়েৰে ভাৰত তথা অসমলৈ কঢ়িয়াই আনিব লাগিব গৌৰৱ। সেয়াই প্ৰতিজন ভাৰতীয়ই এতিয়া কামনা কৰিছে।