টকিঅ’ অলিম্পিকঃ আজি ব্ৰঞ্জৰ যুঁজত অৱতীৰ্ণ হব বজৰংগ পুনিয়া

100

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত আজি ব্ৰঞ্জৰ যুঁজত অৱতীৰ্ণ হব ভাৰতীয় মল্লযোদ্ধা বজৰংগ পুনিয়া। ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পিছত আজি পদক লাভৰ শেষখন যুঁজত অৱতীৰ্ণ হব ভাৰতীয় মল্লযোদ্ধা গৰাকী। ৬৫ কিলোগ্ৰাম শাখাত অনুষ্ঠিত হ’বলগা এই খেলখনত প্ৰতিদ্বন্দীক পৰাভূত কৰি পদক অৰ্জন কৰিব বুলি আশা কৰিছে সমগ্ৰ দেশবাসীয়ে।

উল্লেখ্য যে, ছেমি ফাইেলত বজৰংগ পুনিয়া অৱতীৰ্ণ হৈছিল আজাৰবাইজানৰ হাজী আলিয়েভৰ বিৰুদ্ধে। খেলখনত প্ৰথমাৱস্থাত বজৰংগ পুনিয়াই নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছিল যদিও দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত দুৰ্বল হৈ পৰিছিল পুনিয়াৰ প্ৰদৰ্শন। যাৰ ফলত ৫-১২ৰ ব্যৱধানত পৰাস্ত হৈছিল ভাৰতীয় মল্লযোদ্ধাগৰাকী।