টকা হ’লেই ভাৰতত প্ৰৱেশ কৰিব পাৰে বাংলাদেশী

85

মন গ’লেই ভাৰতত প্ৰৱেশ কৰিব পাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী। লাগে মাথোঁ টকা। মোটা ধনৰ বিনিময়ত দালালে জংঘলৰ পথেৰে ভাৰতলৈ অহাত সুবিধা কৰি দিয়ে বাংলাদেশী নাগৰিকক। শুকুৰবাৰে দিনৰ ভাগত নিউ বঙাইগাঁও ৰে’লৱে’ ষ্টেচনত ৰে’ল আৰক্ষীয়ে আটক কৰিছিল তিনি যুৱতীসহ চাৰি বাংলাদেশী নাগৰিকক। গোপন খবৰৰ ভিত্তিত নামনিমুৱা ত্ৰিপুৰা সুন্দৰী ৰে’লৰ পৰা আটক কৰিছিল বাংলাদেশী নাগৰিককেইজনক। আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে। দালাল চক্ৰৰ সহায়ত ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে ১১ অনুপ্ৰৱেশকাৰীয়ে।