ঝাৰখণ্ডত ৰে’ল লাইনত মাওবাদীৰ আক্ৰমণ, ব্যাহত ৰে’ল চলাচল

278

পুনৰ ঝাৰখণ্ডত সংঘটিত মাওবাদীৰ আক্ৰমণৰ ঘটনা। এইবাৰ ৰে’ল লাইন উৰুৱাই দিলে মাওবাদীয়ে। যাৰ ফলত হাওৰা-মুম্বাই শাখাৰ ৰে’লৰ চলাচল ব্যাহত হৈ পৰে।

ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত মাওবাদীয়ে গ’ইলকেৰা আৰু প’ছাইটা ষ্টেচনৰ মাজৰ ৰে’লপথৰ এটা অংশ বিস্ফোৰণ ঘটায়। সেই সময়ত ১৮০৩০ শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছ সেই পথেৰে যোৱাৰ কথা আছিল। কিন্তু তাৰ আগতেই ৰে’ল পথটো চাইড লাইনৰ কাষেৰে পাৰ হৈ যোৱা মালবাহী ট্ৰেইনখনৰ চালক আৰু কো-পাইলটে লক্ষ্য কৰে আৰু লগে লগে গ’ইলকেৰা আৰু পছাইটা ষ্টেচন অধীক্ষকক সতৰ্ক কৰি দিয়ে।

এই খবৰ পোৱাৰ পিছতে শালীমাৰ-কুৰ্লা আপ এক্সপ্ৰেছক গয়লকেৰা ষ্টেচনত ৰখাই দিয়া হয়। ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলকো অৱগত কৰা হয়। এই খবৰ পোৱাৰ পাছতে ৰে’লৱেৰ বিষয়া আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ সদস্যসকল উপস্থিত হয়৷ ৰে’লৱেৰ সূত্ৰ অনুসৰি মাওবাদীয়ে ২২ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান জনাইছে। তাৰ আগতে চক্ৰধৰপুৰ ৰেল শাখাৰ গোৱালকেৰা আৰু পছাইটা ষ্টেচনৰ মাজৰ তৃতীয় লাইনত বিস্ফোৰণ ঘটায়। ৰে’ল আৰক্ষীৰ সূত্ৰ অনুসৰি সেই স্থানৰ পৰা উদ্ধাৰ হৈছে মাওবাদী বেনাৰ।

ৰে’লৱেৰ শীৰ্ষ বিষয়া গজৰাজ সিঙে কয় যে এই খবৰ পোৱাৰ লগে লগে সেই পথত ৰে’লখন ৰখাই দিয়া হয়। শুকুৰবাৰে পুৱা ৪:৩০ বজালৈকেও ৰে’ল লাইন ঠিক কৰা সম্ভৱ নহ’ল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। এই ঘটনাৰ বাবেই নিশা মনোহৰপুৰ ষ্টেচনত যোগনগৰী হৃষিকেশ পুৰী উটকাল এক্সপ্ৰেছ ৰখাই দিয়া হয়। ইয়াৰ বাহিৰেও মনোহৰপুৰত পোৰবন্দৰ-শালিমাৰ এক্সপ্ৰেছ আৰু জগদলপুৰ-হাওৰা এক্সপ্ৰেছ ৰখাই দিয়া হয়।