ঝাৰখণ্ডৰ চতৰা জিলাত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও পাঁচজন মাওবাদী নিহত হয়।
ৰাজ্যৰ ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্বত লাৱালং থানা এলেকাৰ চতৰা-পালামু সীমান্তত সংঘটিত হয় এই সংঘৰ্ষ।
চতৰাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰঞ্জনে কয়, ‘পাঁচজন মাওবাদী নিহত হোৱাৰ লগতে কেইবাজনো গুলীত আঘাতপ্ৰাপ্ত হয়। আটাইকেইজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।’
সেই স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভাণ্ডাৰো জব্দ কৰা হৈছে বুলিও তেওঁ কয়।
