জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি

255

বুধবাৰে নিশা ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি ।

অভিযোগ উত্থাপিত হৈছে যে, মদ্যপান কৰি এজন শিক্ষকে এজন ছাত্ৰক মাৰপিট কৰাক লৈ সৃষ্টি হয় উত্তপ্ত এই পৰিস্থিতি।

আৰক্ষীৰ সহায় বিচাৰি দুই কিলোমিটাৰ পথ খোজ কাঢ়ি প্ৰায় ৩০ জন ছাত্ৰ উপস্থিত হয় ধিং আৰক্ষী থানাত ।

অভিযোগ অনুসৰি, মদ্যপান কৰি মাৰ পিট কৰা শিক্ষক জনৰ নাম জ্যোতি প্ৰসাদ গৌৰ।

আৰক্ষীয়ে ছাত্ৰ জনক চিকিৎসাৰ বাবে লৈ যায় ধিং এফ আৰ ইউলৈ ।

আঘাতপ্রাপ্ত ছাত্ৰ জনৰ নাম বিকাশ দাস বুলি জানিব পৰা গৈছে।ছাত্ৰ জনৰ ঘৰ ধিঙৰ লহকৰ গাৱঁত।