জয় আই অসম ধ্বনি দি থাইলেণ্ড কপালে অসম সন্তান অভিজিতে

415

পুনৰ বিদেশত অসমৰ নাম জিলিকালে প্ৰফেচনেল বক্সাৰ অভিজিতে।


WORLD BOXING ORGANIZATION চমুকৈ WBO ৰ উদ্যোগত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় পেছাদাৰী বক্সিং প্ৰতিযোগিতাত পুনৰ জিলিকিল অসম সন্তান অভিজিত বৰুৱা।

“জয় আই অসম” ধ্বনিৰে পুনৰ মুখৰিত হ’ল থাইলেণ্ডৰ বতাহ। হয়.. থাইলেণ্ডৰ দুধর্ষ বক্সাৰ “বামডেট জুমপাং”ক KNOCK OUT কৰি অভিজিত বৰুৱাই জয় লাভ কৰিছে।

অভিজিতৰ এই সফলতাত এতিয়া সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে।

লগতে সকলোৱে অভিনন্দন জনাইছে অভিজিতক।

উল্লেখযোগ্য যে দুবাৰকৈ গ্ৰিনীজ ওৱ্লড ৰেকড হল্ডাৰ অভিজিত অসমৰ প্ৰথমজন প্ৰফেচনেল বক্সাৰ।

ইপিনে থাইলেণ্ডৰ পৰাই খেলত বিজয়ী হৈ যুৱ বক্সাৰগৰাকীয়ে সমূহ অসমবাসী তথা সংবাদমাধ্যম আৰু আত্মীয় বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছে আৰু আগলৈও এইদৰে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে।