জ্যোতি চিত্ৰবনত ‘অৰ্জুনঃ The Hero of Forest’ৰ প্ৰিমিয়াৰ শ্ব’ প্ৰদৰ্শন

41

বন্যপ্ৰাণীৰ সংগ্ৰাম আৰু বনাঞ্চল ধ্বংসৰ দৰে ভয়াবহ ছবিক তুলি ধৰা বিদ্যা ফিল্মছৰ বেনাৰত নিৰ্মিত ‘অৰ্জুনঃ The Hero of Forest’ নামৰ তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ বুধবাৰে জ্যোতি চিত্ৰবনত প্ৰদৰ্শন কৰা হয়।

তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব’ প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ মুখ্য সচিব অবিনাশ যোশী, অভিনেতা আকাশদ্বীপৰ লগতে তথ্যচিত্ৰখনৰ সৈতে জড়িত কলা-কুশলীসকল।

গণেশ তামুলীৰ প্ৰযোজনা আৰু ৰজনী বৰ্মনৰ ৰচনা আৰু পৰিচালনাৰে নিৰ্মিত তথ্য চিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰি বনমন্ত্ৰী শুক্লবৈদ্যই চলচিত্ৰখনে নতুন বছৰত সকলোৰে মনত প্ৰকৃতি প্ৰেম জগাই তুলিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে।