শাম কটাৰ যেন কোনো লক্ষণেই নাই মণিপুৰ হিংসাৰ। উত্তৰ-পূবৰ ৰাজ্যখনত শনিবাৰৰ পৰা নতুন সংঘাতৰ জুইত জ্বলিবলৈ আৰম্ভ কৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, হিংসাত্মক ঘটনাত নতুনকৈ ৫ জন লোকৰ মৃত্যু হৈছে। ইফালে ইম্ফল পশ্চিম জিলাত ১৫টা ঘৰত উন্মাদ জনতাই অগ্নিসংযোগ কৰে। গুলীচালনাও সংঘটিত হয়। এই ঘটনাত কোনো হতাহতিৰ খবৰ পোৱা নাই। অৱশ্যে জানিব পৰা মতে গুলীবিদ্ধ হোৱা এজন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
তদুপৰি শনিবাৰে বিয়লি ইম্ফল পূৱ জিলাত অশান্তিৰ খবৰ পোৱা গৈছিল। জনা যায় যে মেইটেই সম্প্ৰদায়ৰ তিনিজন লোকৰ নিজৰ ঘৰতে মৃত্যু হয়। আনহাতে, চন্দ্ৰচান্দপুৰত হিংসাৰ বলি হৈছে দুজন কুকি। ইফালে ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিষ্ণুপুৰ জিলাত তালাচী অভিযানৰ সময়ত এজন সশস্ত্ৰ বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰা হৈছে।
মন কৰিবলগীয়া যে উত্তৰ-পূব ৰাজ্য মণিপুৰত তিনিমাহৰো অধিক সময় ধৰি সাম্প্ৰদায়িক হিংসা অব্যাহত আছে। ক্ষমতা সম্প্ৰসাৰণক লৈ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষই বিপজ্জনক ৰূপ ধাৰণ কৰিছে বুলি অভিযোগ উঠিছে। মণিপুৰ সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সংসদত বিবৃতি দিবলৈ দাবী জনাইছে বিৰোধীয়ে। অৱশ্যে সেই সন্দৰ্ভত এতিয়াও কেন্দ্ৰই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিৰোধীৰ অভিযোগ অনুসৰি, মণিপুৰ সন্দৰ্ভত মুখ খুলিব লগাৰ ভয়তে সংসদৰ পৰা পলাই ফুৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।