জ্ঞানব্যাপীক মছজিদ বুলিলে বিতৰ্ক হ’বই: যোগী আদিত্যনাথৰ বিস্ফোৰক মন্তব্য

252

মন্দিৰৰ স্থানত জ্ঞানবাপী মছজিদ নিৰ্মাণ কৰা হৈছে নেকি? মছজিদৰ চৌহদৰ অজুত শিৱলিংগ পোৱা যায় নেকি? নে সেইটো এটা ফোয়াৰা? এই বিবাদ নিষ্পত্তিৰ বাবে আদালতত চলি আছে গোচৰ। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জ্ঞানবাপীক লৈ বিস্ফোৰক মন্তব্য। তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে, “মছজিদত ত্ৰিশূল ক’ৰ পৰা আহিল?” ইয়াৰ উপৰিও যোগীৰ মন্তব্য, “জ্ঞানবাপিক মছজিদ বুলি ক’লে বিতৰ্ক হ’বই। ঐতিহাসিক ভুলবোৰ শুধৰাবলৈ মুছলমান বিবাদীসকলে আগবাঢ়ি আহিব লাগে।”

জ্ঞানবাপী মছজিদৰ বৈজ্ঞানিক জৰীপ পুনৰ পিছুৱাই দিছে আদালতে। বৃহস্পতিবাৰে শুনানিৰ অন্তত এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে ৩ আগষ্টলৈকে মছজিদ চৌহদত বৈজ্ঞানিক জৰীপ কৰিব নোৱাৰিব। মছজিদ চৌহদৰ জৰীপৰ কাম আচলতে নিৰাপদ নেকি সেই সন্দৰ্ভত বৃহস্পতিবাৰে দীঘলীয়া শুনানি অনুষ্ঠিত হয়। আপাততঃ স্থগিত ৰখা হৈছে জৰীপ। ইয়াৰ পিছতহে যোগীৰ মন্তব্য তাৎপৰ্যপূৰ্ণ। সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে বিষয়টোৰ শীঘ্ৰে সমাধান বিচাৰে।

যোগীয়ে কয়, “জ্ঞানবাপীক মছজিদ বুলি ক’লে ভুল হ’ব। মছজিদত ত্ৰিশূলে কি কৰি আছে? আমি ৰক্ষণাবেক্ষণ কৰিব পৰা নাছিলো। জ্যোতিৰ্লিংগ আছে, দেৱতা আছে।”

তেওঁ লগতে কয়, “মুছলমান পক্ষইও ঐতিহাসিক ভুলবোৰ শুধৰণি কৰাৰ প্ৰস্তাৱ দিব লাগে। আমি এটা নিষ্পত্তি বিচাৰো।” ইতিমধ্যে মুখ্যমন্ত্ৰী যোগীৰ এই বক্তব্যৰ সমৰ্থনত অখিল ভাৰতীয় হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি স্বামী চক্ৰপানীয়ে মুছলমান পক্ষক প্ৰস্তাৱ আগবঢ়াইছে। চক্ৰপাণি মহাৰাজে কয়, “মুছলমান আবেদনকাৰীসকলৰ মাজত ভাতৃত্ববোধ আৰু সৌহাৰ্দ্যৰ বাৰ্তা প্ৰেৰণৰ বাবে এইটো এটা ভাল সুযোগ।”

প্ৰসংগক্ৰমে যোৱা ২১ জুলাইত বাৰাণসীৰ জিলা আদালতে মছজিদৰ অজুত থকা ‘শিৱলিংগ’ৰ বাহিৰে বাকী অঞ্চলটোৰ ‘বৈজ্ঞানিক জৰীপ’ কৰিব বুলি ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে ‘বৈজ্ঞানিক জৰীপ’ কৰিব বুলি জনাইছিল। সেই আদেশ অনুসৰি ৰায়দানৰ মাত্ৰ দুদিন পিছতে জৰীপৰ কাম আৰম্ভ হৈছিল। কাৰ্বন ডেটিং কৰিবলৈ কিয় ইমান খৰখেদা হৈছে বুলি প্ৰশ্ন কৰি জ্ঞানবাপি মছজিদ কমিটীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

মছজিদ সমিতিৰ দাবী, জ্ঞানবাপি মছজিদ চৌহদত যদি খননৰ কাম অব্যাহত থাকে তেন্তে স্থাপত্য ভাঙি পৰিব পাৰে। অৱশ্যে আনফালে হিন্দু পক্ষৰ অধিবক্তাগৰাকীয়ে কয় যে একেবাৰে শেষ পৰ্যায়ত প্ৰয়োজন হ’লেহে মছজিদটো খনন কৰা হ’ব। লগতে এএছআইয়ে কয় যে তেওঁলোকৰ কৰ্ম পদ্ধতিৰ বাবে মছজিদটোৰ ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাই। বৃহস্পতিবাৰে এই সন্দৰ্ভত দীঘলীয়া শুনানি চলিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ত। ৩ আগষ্টত এই গোচৰৰ বিচাৰ কৰিব ন্যায়াধীশে।