জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান।
বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ বিশিষ্ট কবিগৰাকীৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল কাব্যঋষি নীলমণি ফুকন।
শেহতীয়াকৈ তেওঁক ভৰ্তি কৰা হৈছিল জিএমচিএইছৰ আইচিইউত।
বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছিল ফুকনৰ চিকিৎসা।
কিন্তু চিকিৎসাধীন অৱস্থাতে হাৰ্টষ্ট্ৰোক হৈ জটিল হৈ পৰে কবিগৰাকীৰ অৱস্থা।
তাৰ পিছতে সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে নীলমণি ফুকনে।
