জোনাইত ৭টা হাতী দাঁতসহ আটক ২ সৰবৰাহকাৰী

254

জোনাইৰ অসম-অৰুণাচল সীমান্তৰ লক্ষী নেপালী বস্তিত বুধবাৰে আৰক্ষীয়ে অভিযান চলাই সাতটা হাতীৰ দাঁতসহ আচক কৰে দুজন লোকক.

ভাৰত চৰকাৰৰ বণ্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’, বন বিভাগ আৰু আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত চোৰাং সৰবৰাহকাৰী দুজনৰ পৰা ৭টা হাতী দাঁতৰ লগতে এখন চুইফ্ট ডিজায়াৰ, এটা দুনলীয়া বন্দুক, ৭ কাৰ্টিজ আৰু তিনিটা মোবাইল ফোন উদ্ধাৰ কৰা হয়।

ধৃত চোৰাং সৰবৰাহকাৰী দুটাক অৰুনাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ টাগে ৰিনা আৰু তালেন জুম বুলি চিনাক্ত কৰা হৈছে।

হাতীদাঁতৰ চোৰাং সৰবৰাহকাৰী দুজনক তদন্তৰ বাবে জোনাই আৰক্ষীৰ জিম্মাত বৰ্তমান ৰখা হৈছে।