জেহাদী কাৰ্যকলাপৰ অভিযোগত গোৱালাপাৰাত ৰাইজে ভাঙিলে মাদ্ৰাছা…

181

গোৱালপাৰা জিলাৰ এখন মাদ্ৰাছা ভাঙি স্থানীয় লোকে চৌহদটো দুজন বাংলাদেশী নাগৰিকে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই দুজন বাংলাদেশী নাগৰিক আমিনুল ইছলাম আৰু জাহাংগীৰ আলম আল কায়দাৰ সৈতে জড়িত এটা সংগঠনৰ সদস্য, আৰু তেওঁলোকে ২০২০-২২ চনৰ ভিতৰত মাদ্ৰাছাত পাঠদান কৰিছিল বুলি বিষয়াসকলে জনায়।

আমিনুল ইছলাম আৰু জাহাংগীৰ আলম সম্প্ৰতি পলাতক হৈ আছে আৰু তেওঁলোকক আটক কৰিবলৈ অভিযান চলি আছে।

পাখিউৰা চৰ অঞ্চলৰ মাদ্ৰাছাখনৰ কাষতে থকা এটা ঘৰো ভাঙি পেলোৱাৰ কথা প্ৰকাশ কৰি আৰক্ষীয়ে জনোৱা মতে, এই ভাঙি পেলোৱাত কোনো চৰকাৰী বিষয়া জড়িত নহয়।

আল কায়দাৰ দুজন সদস্যক মাদ্ৰাছাত অধ্যাপনা কৰিবলৈ নিযুক্তি দিয়া জালালুদ্দিন শ্বেইখ নামৰ এজন ধৰ্মগুৰুক যোৱা মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।

সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আৰু ৰাজ্যত “জেহাদী শ্লীপাৰ চেল” স্থাপনৰ প্ৰচেষ্টাক লৈ যোৱা এমাহত চতুৰ্থখন মাদ্ৰাছা উচ্ছেদ কৰা হৈছে।

যোৱা মাহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈছিল যে অসম “জেহাদী কার্যকলাপ”ৰ প্রতিষ্ঠান হৈ পৰিছে৷ তেওঁ লগতে ঘোষণা কৰে যে অসমৰ মছজিদ, মাদ্ৰাছাত থকা ধৰ্মীয় শিক্ষকসকলে ৰাজ্যৰ বাহিৰৰ পৰা আহিলে চৰকাৰী প’ৰ্টেলত নিজে পঞ্জীয়ন কৰিব লাগিব।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা অসম আৰক্ষীয়ে ৪০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিশেষকৈ নিম্ন আৰু মধ্য অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কঠোৰ সতৰ্কতা বজাই ৰখা হৈছে বুলি সংবাদ সংস্থা পিটিআইয়ে বিষয়াসকলৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে