জেহাদীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ মছজিদৰ ইমাম

110

বঙাইগাঁও জিলাত সন্ত্ৰাসবাদী মডিউলৰ সৈতে সম্পৰ্ক থকাৰ লগতে জেহাদীসকলক আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মছজিদৰ এজন ইমামক।

আব্বাছ আলী নামৰ অভিযুক্ত ইমামে আশ্ৰয় দিয়াৰ লগতে জেহাদীসকলকো তেওঁৰ নামত চিম কাৰ্ড প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্ত জেহাদী দুজন জাহাংগীৰ আলম আৰু আমিনুল বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই বাংলাদেশৰ। এই যুটিয়ে অৱশ্যে স্থানীয় লোকক পশ্চিমবংগৰ বাসিন্দা হিচাপে চিনাকি কৰাই দিয়ে।

প্ৰাপ্ত তথ্য অনুসৰি গোৱালপাৰা জিলাৰ পাখিউৰা অঞ্চলত এজন সন্দেহযুক্ত জেহাদীয়ে মাদ্ৰাছা স্থাপন কৰি জেহাদী দুজনক শিক্ষক হিচাপে নিযুক্তি দিছিল।

তাৰ পিছত জালিল্লুদিনে তেওঁলোকৰ থকাৰ ব্যৱস্থা আৰু লজিষ্টিক সহায়ৰ বাবে ইমামৰ সহায় বিচাৰিছিল।

ইমামক গ্ৰেপ্তাৰ কৰাৰ পিছত তিনিওজন জেহাদী – জলিলুদ্দিন, জাহাংগীৰ আলোম আৰু আমিনুল আত্মগোপন কৰিলে। পিছত গ্ৰেপ্তাৰ কৰা হয়।

জেহাদীসকলক আশ্ৰয় দিয়া ঘৰটোত আৰক্ষীয়ে তালাচী চলাই আনছাৰুল্লাহ বাংলা টিম (এবিটি) আৰু আল কায়দাৰ মডিউলৰ সৈতে সম্পৰ্ক উদ্ধাৰ কৰে।

‘আনছাৰুল্লাহ ইছলাম’ বা ‘আনছাৰ বাংলা’ নামেৰেও পৰিচিত এবিটি বাংলাদেশৰ এটা নিষিদ্ধ ইছলামিক জেহাদী সংগঠন।

বাংলাদেশ সীমান্তৱৰ্তী ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত বিশেষকৈ অসম আৰু ত্ৰিপুৰাত এবিটিয়ে আগ্ৰাসন চলাইছিল বুলি জানিব পৰা গৈছে।

অধিক তদন্ত চলি আছে।