জেহাদীৰ সৈতে জড়িত মৰিগাঁৱত আন এজনক গ্ৰেপ্তাৰ

148

অসমত জেহাদীৰ লিংক সক্ৰিয় কৰাৰ বাবে চেষ্টা চলোৱা আন এজন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মৰিগাঁৱৰ মিলনপুৰৰ আফছাৰুদ্দিন ভূঞা নামৰ এজন লোকক।

জানিব পৰা মতে, ধৃত জেহাদী জন পেছাত এজন ঘৰুৱা শিক্ষক আছিল আৰু মৰিগাঁৱত জেহাদী চক্ৰ বৃদ্ধিৰ কামত নিয়োজিত আছিল।

কুখ্যাত জেহাদী সংগঠন আনচাৰুল বাংলা টীম (এবিটি)ৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে আফছাৰুদ্দিনক।

ধৃত ঘৰুৱা শিক্ষকজনক আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি সোধাপোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে। প্ৰণিধানযোগ্য যে, বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদী কাৰ্যকালাপেৰে জড়িতৰ সন্দেহত ৭ জনক আটক কৰিছিল অসম আৰক্ষীয়ে।