জুবিন গাৰ্গলৈ ডক্টৰেট ডিগ্ৰী প্ৰদান

136

কণ্ঠশিল্পী জুবিন গাৰ্গলৈ USTM ৰ ডক্টৰেট ডিগ্ৰী
বানপানী বছৰ বছৰ ধৰি হৈ আছে। মেঘালয়, অৰুণাচল বুলি একো নাই। এয়া ৰাজনৈতিক কথা। ইয়াৰ সমাধান উলিওৱাৰ প্ৰয়োজন বুলি কৈছিল জুবিন গাৰ্গে। তাৰ পাছতে USTM য়ে জুবিনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। USTM কলৈ চলি থকা বিতৰ্কৰ মাজতেই বিশ্ববিদ্যালয়খনৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে। মঙলবাৰে (২৭ আগষ্টঃ অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ ১০ সংখ্যক দীক্ষান্ত সমাৰোহত কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰে ডক্টৰেট ডিগ্ৰী। তেওঁৰ লগতে মেঘালয়ৰ সংগীত শিল্পী লু মঝাওকো ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। প্ৰায় ২ দিন আগত বিশ্ববিদ্যালখনে ঘোষণা কৰিছিল যে জুবিন গাৰ্গক সন্মানপূৰ্বক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। এই পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰিছিল জুবিনে। লগতে লিখিছিল যে- সন্মানিত। ধন্যবাদ USTM, মেঘালয়। (মোক কনভোকেচন গাউন পিন্ধা দেখি মায়ে সঁচাকৈয়ে সুখী হ’লহেঁতেন)