জুবিনক কৃষি এম্বেচাডৰ সজাই ভেকোভাওনা কৰা হৈছেঃ বোকাখাতত কৃষকক ক্ষতিপূৰণ প্ৰদানৰ দাবীত প্ৰতিবাদ

142

বোকাখাতঃ বিগত সময়ত কৃষকৰ হেজাৰ হেজাৰ গাহৰিৰ ৰোগত মৃত্যু হোৱাৰ পাছতো চৰকাৰে কোনো ক্ষতিপুৰণ প্ৰদানৰ ব্যৱস্থা নকৰা আৰু কৃষিমন্ত্ৰী অতুল বৰাই কেৱল মাত্ৰ মিডিয়াৰ আগত ওলাই জুবিন গাৰ্গৰ দৰে এজন সাংস্কৃতিবান লোকক কৃষি বিভাগৰ এম্বেচাদৰ কৰা কাৰ্যক ভেঁকোভাওনা আখ্যা দি আজি বোকাখাতত আয়োজিত কৃষকৰ এক বিক্ষোভত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে জীপাল কৃষক শ্ৰমিক সংঘই।

ভাৰতৰ ২৫৮ টা কৃষক সংগঠনৰ লগতে আজি নিখিল ভাৰত কৃষক সভা আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগতো ই আই এ-২০২০ আইন বাতিলৰ আৰু কৃষকৰ সমস্যা সমাধানৰ দাবীত বোকাখাতত বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদৰ অন্তত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মৰক পত্ৰ প্ৰেৰণ কৰে৷ এই উপলক্ষে বোকাখাত নগৰত আয়োজিত এক প্ৰতিবাদী পথ সভাত নিখিল ভাৰত কৃষক সভাৰ হৈ বলো বৰা আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰনৱ দলেয়ে ই এ আই-২০২০ বাতিল কৰা আৰু মোডী চৰকাৰৰ দিনত সৃষ্টি হোৱা কৃষকৰ সমস্যাৰ ওপৰত উদাত্ত ভাষণ প্ৰদান কৰে৷