জুক’ ভেলীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড

50
purbottar-asomiya-favicon

নাগালেণ্ডৰ পৰ্যটকৰ বিশেষ আকৰ্ষণৰ স্থলী জুক’ ভেলীত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ বছৰৰ শেষৰভাগত পৰ্যটক স্থলী জুক’ ভেলীত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হৈছে, সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই৷ নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰাও এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে৷

নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে এই ঘটনা সংঘটিত হৈছে বুলি নিশ্চিত কৰি বায়ু সেনাৰ দ্বাৰা এই জুই নিৰ্বাপনৰ বাবে অনুৰোধ কৰিছে ৷ এই প্ৰচণ্ড অগ্নিকাণ্ডই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ জুক’ ভেলীৰ ভিউ পইণ্ট সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে বুলি জানিব পৰা গৈছে৷

জুক’ ভেলী সংৰক্ষণৰ দায়িত্বত থকা ছাউথ আংগামি য়ুথ এছ’চিয়েশ্যনে বুধবাৰে অগ্নিকাণ্ড সংঘটিত হোৱা জুক’ ভেলীৰ স্থানসমূহ পৰিদৰ্শন কৰি ইয়াৰ ওপৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াব বুলি উল্লেখ কৰিছে।