জুই জ্বলিছে মণিপুৰত, পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰত, পুনৰ জাপি দিলে AFSPA।ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে মণিপুৰৰ পৰিস্থিতি। জনতাৰ প্ৰতিবাদত তিষ্ঠিব নোৱাৰি ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী নেতাই পদত্যাগ কৰিছে। সাম্প্ৰতিক মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰি জিৰিবাম জিলাৰ কেইবাজনো বিজেপি নেতাই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। ইফালে বিজেপি নেতাকেইজনৰ পদত্যাগ সম্পৰ্কত কোনো পত্ৰ পোৱা নাই পোৱা বুলি স্পষ্ট কৰি দিছে মণিপুৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ তৰফৰ পৰা। উল্লেখ্য যে, যৌথভাৱে দিয়া পদত্যাগ পত্ৰখনত স্বাক্ষৰ কৰিছিল জিৰিবামৰ কেইবাজনো বিজেপি নেতাই। ১১ নৱেম্বৰত কুকি উগ্ৰপন্থীয়ে শিশু আৰু মহিলাসহ ৬গৰাকী লোকক অপহৰণ কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰা আটাইৰে মৃতদেহ উদ্ধাৰ হৈছিল পৰৱৰ্তী সময়ত। ইয়াৰ পাছতে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ।অশান্ত মণিপুৰক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। মণিপুৰৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কেন্দ্ৰীয় গৃহ সচিবে। মণিপুৰত বাহৰ পাতি পৰিস্থিতি পৰ্যবেক্ষণ চিআৰপিএফৰ ডিজিৰ। অশান্ত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে হিংসাত্মক ঘটনা। বিধায়ক-মন্ত্ৰীৰ সৈতে মণিপুৰৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ইফালে শেহতীয়া পৰিস্থিতিৰ বাবে ১৯ নৱেম্বৰলৈ বন্ধ ঘোষণা কৰিছে সকলো শিক্ষানুষ্ঠান।
Latest article
টাটা এআইজি-এ ৰিটেইল(খুচুৰা) স্বাস্থ্যখণ্ডৰ সুবিধা অধিক সুলভ, চিকিৎসালয়ৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ মুকলি কৰিছে ‘মেডিকেয়াৰ...
টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে খুচুৰা স্বাস্থ্য পৰ্টফোলিঅ'ৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে মেডিকেয়াৰ চিলেক্ট নামৰ এক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য বীমা...
অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’
ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...