জীন্স পিন্ধি আদালতত প্ৰৱেশ কৰা অধিবক্তা বিজন মহাজনক আৰক্ষী লগাই বাহিৰ কৰি দিলে ন্যায়াধীশে

147

আদালতৰ নীতি অৱমাননাৰ অভিযোগ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ বিৰুদ্ধে।

জীন্স পিন্ধি যোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বাহিৰ কৰি দিয়া হ’ল অধিবক্তাগৰাকীক।

অধিবক্তা বিজন মহাজনক আদালতৰ বাহিৰত থৈ আহিবলৈ নিৰ্দেশ ন্যায়াধীশৰ।

যোৱা শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা।

জীন্স পিন্ধি যোৱা বিজন মহাজনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল নিহাৰ কুমাৰ দাস নামৰ এজন লোকে।

ইয়াৰ পিছতে ন্যায়াধীশে আদালতৰ পৰা বাহিৰ কৰি দিয়ে অধিবক্তাগৰাকীক।

ইফালে এই বিষয়টো অৱগত কৰা হৈছে মুখ্য ন্যায়াধীশকো।

বাৰ কাউন্সিলকো অৱগত কৰা হৈছে সমগ্ৰ বিষয় সম্পৰ্কে।