ষ্টাফ ৰিপোৰ্টাৰ: ৰাজ্যত কৰ’না ভাইৰাছৰ সংহাৰী ৰূপ। বৃহস্পতিবাৰে নিশা গুৱাহাটীত চাৰিজনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ পিছত এতিয়া আতংকিত হৈ পৰিছে গুৱাহাটীবাসী। শুকুৰবাৰে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰী শৰ্মাই কয় “গুৱাহাটীত ধৰা পৰা চাৰিগৰাকী কৰ’না পজিটিভ ৰোগীৰ ভিতৰত তিনিজনৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী। তাৰে ভিতৰত দীপিকা নাথ নামৰ এগৰাকী কিশোৰীৰ ইতিমধ্যে মৃত্যু হৈছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘ইতিমধ্যে কৰ’না ভাইৰাছৰ ফলত মৃত্যক সাৱটি লোৱা দীপিকা নাথ কিছুদিন ধৰি ভৰিৰ বিষ আৰু সামান্য জ্বৰত ভুগি আছিল।
দিপীকাৰ আইতাক মালতী বাছফোৰ বি চি চি আইৰ চাফাই কৰ্মচাৰী ৷ দিপীকা মাকৰ সৈতে লখৰাত থাকে ৷ কিছুদিন পূৰ্বে ভৰিৰ বিষ আৰু সামান্য জ্বৰত আক্ৰান্ত হোৱাত বেলতলাৰ ই এছ আই চি ৰ এজন চিকিৎসকক দেখুৱাইছিল দীপিকাই ৷
তাৰ মাজতে দীপিকা আইতাকৰ ঘৰলৈ আহে ৷ ৪ তাৰিখে বমি হোৱাত বি চি চি আইত চেলাইন দিয়া হয় ৷ কিন্তু বুধবাৰে হঠাৎ তেওঁৰ মৃত্যু হয় ৷ পিছত গুৱাহাটী চিকিত্সা মহাবিদ্য়ালয়ৰ পৰা বি বৰুৱাব কৰ্কট প্ৰতিষ্ঠানক দীপিকাৰ তেজৰ চেম্পল পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু শুকুৰবাৰে নিশা দীপিকা কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হয় বুলি প্ৰমাণিত হয়।বৰ্তমান দিপীকাৰ সংস্পৰ্শলৈ অহা বি চি চি আই ৰ চিকিৎসক, নাৰ্ছসকলক স্বাস্থ্য পৰীক্ষা কৰা হৈছে।
ইফালে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ কৰ’নাত আক্ৰান্ত চিকিত্সকগৰাকীৰ নাম ডা০ লিথিকেশ । ঘৰ দাক্ষিণাত্যত। বৰ্তমান গুৱাহাটী চিকিত্সা মহাবিদ্য়ালয়ৰ পি জি দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ। ডা০ লিথিকেশৰ দেহত ২৭ এপ্ৰিলৰ পৰাই কৰ’নাৰ লক্ষণে দেখা দিছিল। ৩০ এপ্ৰিলত তেওঁ আনকি গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত এটা ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিল। আনকি কোৰোণাৰ স্ক্ৰীনিং টেষ্টো কৰিছিল চিকিত্সকগৰাকীয়ে। জি এম চি এইছ ৰ এক নং ছাত্ৰাবাসত আছিল আৰু পাঁচ নং ছাত্ৰাবাসতো আহাৰ গ্ৰহণ কৰিছিল। চিকিত্সকজনৰ দেহত কৰ’না ধৰা পৰাৰ পিছত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো চিকিত্সকৰ কোৰোণাৰ টেষ্ট কৰা হৈছে। আজি নিশাৰ ভিতৰত টেষ্টৰ ৰিপৰ্ট অহাৰ সম্ভাৱনা। আনহাতে বৰ্তমান এতিয়া ১ নং আৰু ৫ নং হোষ্টেলক কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।
গুৱাহাটাত কোৰোণাত আক্ৰান্ত হোৱা এগাকী মহিলা অনুৰাধা চিনেমা হ’লৰ কাষত নিজৰ ছোৱালীৰ লগত আছিল। মহিলাগৰাকীৰ নাম বৰদা দাস। দুই এঘৰ লোকৰ সংস্পৰ্শলৈও আহিছিল মহিলাগৰাকী। প্ৰচণ্ড কাঁহত আক্ৰান্ত হোৱাৰ পিছত মহেন্দ্ৰ মোহন চিকিত্সালয়লৈ যায় মহিলাগৰাকী। পিছত মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ৰ পৰা জি এম চি এ ইছলৈ পঠিওৱা হয় মহিলাগৰাকীক। আৰু জি এম চি এইছতে মহিলাগৰাকীৰ দেহত ধৰা পৰে কৰ’না ভাইৰাছৰ।
আনহাতে গুৱাহাটীৰ আনগৰাকী কৰ’নাত আক্ৰান্ত লোকৰ ঘৰ বাইহাটা চাৰিআলিত। ব্যৱসায়ৰ কামৰ বাবে পশ্চিমবংগলৈ গৈছিল ব্যক্তিজন। যোৱা ৬ মে’ তাৰিখে নিশা ১১ বজাত পশ্চিমবংগৰ পৰা সৰুসজাইত উপস্থিত হয় ব্যক্তিজন। সৰুসজাইতে তেওঁৰ লগতে লগত যোৱা আন দুগৰাকীৰ চেম্পল লোৱা হয়। আৰু লোকজনৰ দেহত কোৰোণা ধৰা পৰে।