‘ষ্টাফৰিপৰ্টাৰ, জুলাই মাহত যথেষ্ট পৰিমাণে বৰষুন বৃদ্ধি পোৱাত দক্ষিণ শৰনীয়া গান্ধীমণ্ডপত কেইবাটাও ভুমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ গান্ধীমণ্ডপ পাহাৰৰ কেইবাস্থানত মাটি শিল বাগৰি আহাৰ বাবেই নলা নৰ্দমা লগতে মুল পথছোৱা বন্ধ হৈ পাৰে ৷ যাৰ ফলত গাড়ী মটৰ অহাযোৱাত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল পথচাৰী সকল ৷ স্থানীয় ৰাইজৰ অভিযোগৰ – প্ৰাত ভ্ৰমনকাৰীৰ অভিযোগৰ ভিত্তিত আমাৰ অসম কাকতত বাতৰি প্ৰকাশ কৰা হৈছিল ৷ বাতৰি প্ৰকাশ পোৱাৰ পাছত গুৱাহাটী পৌৰনিগমে মঙলবাৰে এক্সেভেটাৰেৰে ব্যৱহাৰ কৰি পথত পৰি থকা শিল ,মাটি উথাই পৰিস্কাৰ কৰে। এইক্ষেত্ৰত পৌৰনিগমৰ কেইবাগৰাকী অভিযন্তাৰ উপস্থিতত আবৰ্জনাৰে ভৰি থকা পথচোৱা পৰা জাৱৰ – জোথৰ আঁতৰাই নিয়ে ৷ ইয়াৰ স্থানীয় ৰাইজে তাৎক্ষণিক ভাবে পথচোৱা পৰিস্কাৰ কৰাৰ বাবে গুৱাহাটী পৌৰনিগমক ধন্যবাদ জ্ঞাপন কৰে ৷