জিএমচিএইছত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ…

274

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় গ্ৰেপ্তাৰ হৈছে এজন ভুৱা চিকিৎসক।

গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকজনৰ নাম প্ৰণৱজ্যোতি দাস বুলি জানিব পৰা গৈছে।

চার্জিকেল বিভাগত চিকিৎসা কৰি থাকোতেই বৃহস্পতিবাৰে প্ৰণৱজ্যোতি দাসক ধৰা পেলাই ৰোগীৰ আত্মীয়ই।

পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত লোকজনক গতাই দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই।

ভুৱা পৰিচয় পত্ৰ বনাই লৈ চিকিৎসা কৰিবলৈ আহিছিল ধৃত প্ৰণৱ জ্যোতি দাস।

মাজে মাজে চিকিৎসায়লৈ অহাৰ কথা স্বীকাৰ কৰে ভুৱা চিকিৎসক জনে।

মাজে মাজে এইমচলৈও যোৱাৰ কথা স্বীকাৰ কৰে ধৃত প্ৰণৱ জ্যোতি দাসে।

নিজকে নিউৰ’চার্জন বুলি চিনাকি দিছিল ভুৱা চিকিৎসকজনে।