গান্ধী মণ্ডপ পথৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীক
ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : মহানগৰীৰ উলুবাৰীৰ দক্ষিণ শৰনীয়া গান্ধীমণ্ডপ পথৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীক ৷ অতি সদাব্যস্ত পথচোৱাৰ প্ৰায় এশ মিটাৰ দুৰত্ব পথচোৱা অতি জৰাজীৰ্ণ ৷এই পথচোৱাত এজাক বৰষুণ দিলে কৃত্ৰিম বানেৰে উপচি পৰে ৷ ঠায়ে ঠায়ে গাতত পৰিণত হৈছে ৷ ইয়াৰ বাবে একাঠু পানী হোৱা দেখা যায় ৷ নৰ্দমা বুলিবলৈ আছে যদিও নামতহে ৷ নৰ্দমাতকৈয়ো পথচোৱা তলত ৷ নৰ্দমাৰ পানী ওলোতাই বাগৰি আহে পথচোৱালৈ ৷ এই পথচোৱাৰে দেশ ’ বিদেশৰ পৰ্যটক অহাযোৱা কৰে ৷ কিয়নো ইয়াতে অবস্হিত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি তথা গান্ধী মণ্ডপ৷ সেইবাবেই বিভিন্ন পৰ্যটকৰ লগতে বিভিন্ন স্কুল কলেজৰ ছাত্ৰছাত্ৰী সকলে গান্ধী মণ্ডপ দৰ্শন কৰিবলৈ আহি পথচোৱাৰ বাবে দুৰ্ভোগ ভুগিবালগীয়া হয় ৷ ইয়াৰ উপৰিও প্ৰাত: ভ্ৰমণ কৰিবলৈ আহে একাশং লোক ৷ তেওঁলোকে দৌৰা তথা শৰীৰ চৰ্চাৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে ৷ স্হানীয় একাংশ ৰাইজৰ অভিযোগ এই পথচোৱা কেৱল দুই অক্টোবৰ আহিলে ৰংচঙীয়া কৰে ৷ গান্ধী জয়ন্তী উপলক্ষে দুই তিনিদিনৰ পৰা আগতীয়াকৈ দিনে নিশাই ৰংচঙীয়া কৰে পথচোৱা ৷তাৰ পিছৰে পৰা জাৱৰ জোথৰেৰে ভৰি থাকে ’তথাপি গুৱাহাটী পৌৰনিগমৰ পৰিস্কাৰ কৰিবলৈ আহৰি নাই ৷ স্হানীয় ৰাইজৰ অভিযোগ পুৰ্বৰ কংগ্ৰেছ চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগে পথচোৱৰ নিৰ্মানৰ নামত আৱন্তন দিছিল প্ৰায় চয় কৌটি টকা ৷ সেই ধন ৰাশিৰে ঠিকাদাৰে পথচোৱা নিৰ্মাণ কৰিলে ৷ অতি আচৰ্য্য বিষয়টো হ’ল সেই সময়ত খুৱ খৰখেদাকৈ পথচোৱা নিৰ্মাণ কৰা হল ৷ কিয়নো গান্ধী জয়ন্ত দিন ওচৰ চাপি আহিল ৷ গান্ধী জয়ন্তী অনুষ্ঠানত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুন গগৈয়ে অংশ গ্ৰহন কৰিব ৷সেইবাবেই দিনে নিশা কাম কৰিবলৈ ললে ৷ অতি খৰখেদাকৈ পথচোৱা নিৰ্মাণ কৰা বাবেই হয়তো প্ৰায় এশ মিটাৰ পথ নলাৰ তলত থাকিল ৷যাৰ বাবে স্থানীয় ৰাইজ তথা পথচাৰীয়ে আজিলৈকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ বিগত চাৰি পাচ বছৰ ধৰি পথচোৱা পুনৰ নিৰ্মাণ হোৱা নাই ৷ অতি শীঘ্ৰে এশ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱ পুনৰ নিৰ্মাণ কৰাৰ লগতে পথৰ নলা সমুহ পৰিস্কাৰ কৰাৰ লগতে পথৰ দাঁতিত থকা জাৱৰৰ দম সমুহ আতৰাবলৈ গুৱাহাটী পৌৰনিগম ’ গড়কাপ্তানি বিভাগৰ ওচৰত দাবী জনায় ৷