জালুবাৰীত ৩ গভাইত চোৰক গ্ৰেপ্তাৰ

88

দেওবাৰে জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই পাণ্ডু অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তিনিটা গভাইত চোৰক। ধৃত চোৰ কেইটা ক্ৰমে- চন্দন বিশ্বাস, নাৰায়ণ চৌহান আৰু চাহিদুল আলী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, পাণ্ডু তথা মালিগাঁৱত সংঘটিত দুটা পৃথক পৃথক চুৰিকাণ্ডৰ লগত জড়িত আছে এই চোৰকেইটা।

উল্লেখ্য যে, শনিবাৰে পাণ্ডুৰ সৰস্বতী কলিতা নামৰ এগৰাকী মহিলাৰ কোৱাৰ্টাৰত এক ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছিল। উক্ত দিনা চোৰে মহিলাগৰাকীৰ E-61D নম্বৰৰ কোৱাৰ্টাৰৰ পৰা লুটি নিছিল বহু মূল্যৱান সা-সামগ্ৰী। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে জালুকবাৰী আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পাণ্ডুৰ ৩নং কলনীৰ পৰা চন্দন বিশ্বাস আৰু নাৰায়ণ চৌহান নামৰ চোৰ দুটাক আটক কৰে।

একেদৰে যোৱা ২৮ জানুৱাৰীত আদাবাৰী সংঘটিত হৈছিল আন এক চুৰিকাণ্ড। উক্ত দিনা আদাবাৰীস্থিত মিৰাজুদ্দিন আহমেদ নামৰ এজন ব্যক্তিৰ মোবাইলৰ দোকানৰ পৰা চোৰে লুটি নিছিল নগদ ধনসহ বহু মূল্যৱান সা-সামগ্ৰী।

চুৰিকাণ্ডটো সন্দৰ্ভত দোকানখনৰ গৰাকীয়ে জালুকবাৰী থানাত দিয়া গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই আজি পাণ্ডু ৰে’লৱে বজাৰৰ চাহিদুল আলী নামৰ চোৰটোক ধৰিবলৈ সক্ষম হয়। ইফালে এই দুয়োটা চুৰকাণ্ড সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।