অসম বন কৰ্মচাৰী সন্থাৰ আগন্তুক ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখন অহা ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী আঞ্চলিক সমিতিৰ সহযোগত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয় চৌহদত অনুষ্ঠিত হব । ১৭ ডিচেম্বৰত বিয়লি ২ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰা হব । ১৮ ডিচেম্বৰত পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সন্থাৰ সভাপতি ৰাজেন্দ্ৰ শইকীয়াই আৰু শ্বহীদ তৰ্পণ কৰিব সাধাৰণ সম্পাদক পুলিন মহন্তই । ১০ বজাৰ পৰা প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হব । বিয়লি ২ বজাৰ পৰা অধিবেশনৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হব । মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ সন্থাৰ মুখপাত্ৰ ‘বনজ্যোতি’ উন্মোচন কৰিব অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । সভাত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ বন বাহিনীৰ মুৰব্বী আৰু প্ৰধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ , বিশিষ্ট অতিথি হিচাপে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসব কলিতা , আমন্ত্ৰিত অতিথি হিচাপে অসম চৰকাৰৰ শীৰ্ষ বন বিষয়া ক্ৰমে বিনয় গুপ্তা , বিপিন কুমাৰ বাঞ্চাল , ডঃ চি মুথু কুমাৰৱেল , ভাস্কৰ ডেকা আৰু জয়ন্ত গোস্বামী উপস্থিত থাকিব । সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰিব পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ডিম্পী বৰাই আৰু ৭ বজাত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই । অনুষ্ঠানত তিনি গৰাকী বিশিষ্ট শিল্পী ক্ৰমে – বিহু গীতৰ সম্ৰাট খগেন গগৈ , অসম বিহু সংস্থাৰ সভাপতি দ্বীপজ্যোতি হাজৰিকা আৰু যুৱ কণ্ঠ শিল্পী হিমাংশু জান শৰ্মাক সম্বৰ্ধনা জনোৱা হব । উদ্যোক্তা সকলৰ হৈ অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি ৰাজেন্দ্ৰ শইকীয়া আৰু সাধাৰণ সম্পাদক পুলিন মহন্ত , গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত কলিতা আৰু সাধাৰণ সম্পাদক প্ৰহ্লাদ গায়নে এটা বিবৃতিত অধিবেশনখন সুকলমে সম্পন্ন কৰাৰ বাবে অসম চৰকাৰৰ বন বিভাগত কৰ্মৰত সকলো বনকর্মীৰ সহায় – সহযোগ আৰু উপস্থিতি কামনা কৰিছে ।
