জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানৰ ২৮সংখ্যক “শৰাই এদিন-গৰখীয়া সবাহ” উৎসৱৰ সামৰণি

238

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত আয়োজিত বাৰ্ষিক “শৰাই এদিন আৰু গৰখীয়া সবাহ” উৎসৱৰ ৰবিবাৰে সামৰণি পৰে। আজি উৎসৱৰ দ্বিতীয় দিনা (৩১ জুলাইৰ) পুৱা ভাগৱত পাঠৰ অন্তত ভক্তপ্ৰাণ সেৱকীসকলে আগবঢ়োৱা শৰাই উৰ্চগা কৰা হয়। ইয়াৰ পাছতে গায়ন বীৰেণ চন্দ্ৰ নাথ আৰু বায়ন চম্পেশ্বৰ নাথৰ পৰিচালনাত খোল-নাম প্ৰসংগ কৰা হয়।

উৎসৱ উদযাপন সমিতিৰ সম্পাদক যোগী অনিল নাথে জনোৱা মতে চলিত বৰ্ষৰ “শৰাই এদিন আৰু গৰখীয়া সবাহ”ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে শৰাই-শলিতা আগবঢ়ায়। শৰাই উৰ্চগাৰ অন্তত বাৰপূজীয়া চৰাইবাহীৰ সন্মিলিত নামতি দলে মহানাম পৰিবেশন কৰে। মহানামৰ সামৰণিৰ পাছতে প্ৰসাদ বিতৰণ আৰু সমূহীয়া ঘোষা অনুষ্ঠানৰে উৎসৱৰ সামৰণি মৰা হয়।

দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত “শৰাই এদিন আৰু গৰখীয়া সবাহ”ৰ ২৮ সংখ্যক উৎসৱৰ কাৰ্যসূচী অনুসৰি কালি (৩০ জুলাইত) পুৱা ধেনুৰাম নাথ, পোনাৰাম নাথ, মাধৱ নাথ, সুৰেণ নাথ, টলৌ নাথ, ভূবন নাথ, গোলাপ নাথ আৰু প্ৰবীণ নাথৰ তত্ত্বাৱধনাত পৰিৱেশ নিকাকৰণ কৰা হয়। ইয়াৰ পাছতে মণিকূটত বন্তি প্ৰজ্বলন কৰে থানঘৰীয়া টংকেশ্বৰ নাথে।

পুৱা ধৰ্মধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি শুকুৰাম বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথে। বিয়লি মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড° বোধেন শইকীয়াই ভাগৱত পাঠ আৰু ব্যাখ্যা উদ্বোধন কৰে। উদ্বোধনী ভাষণত ড° শইকীয়াই কয় যে অসমৰ জাতীয় জীৱনৰ কাণ্ডাৰী গুৰুজনাৰ আদৰ্শৰে এখন সবল আৰু আধ্যাত্মিকতাৰে সংপৃক্ত সমাজ হিচাপে সেই সমাজৰ উত্তৰাধিকাৰী হিচাপে আমাৰ প্ৰত্যকৰে কৰ্তব্য হ’ব সম্প্ৰীতি,উদাৰতা আৰু পবিত্ৰ উন্নয়নৰ মন্ত্ৰেৰে আগুৱাই যোৱা।

বৰ্তমানৰ সন্ধিক্ষণত প্ৰতিজন অসমীয়াৰ পবিত্ৰ কৰ্তব্য হ’ল অসমীয়া হিচাপে নিজৰ চিনাকী জগতবাসীক দাঙি ধৰা। তাৰ বাবে আমাৰ পৰম সম্পদসমূহ যেনে ভাগৱত, কীৰ্তন, নামঘোষা, দশম,বৰগীত, ভাওনা আদিৰে আমি জগতত চহকী। গুৰুজনাই দিছিল অসমীয়াৰ আত্ম পৰিচয়। এতিয়া মাথোঁ আমাৰ পবিত্ৰ এই সত্তাৰ ধাৰাবাহিকতা ৰক্ষা কৰা।

আধ্যাত্মিকতাৰে সংপৃক্ত অসমীয়া জাতি সত্তা গুৰু দুজনাৰ বৰ্ণাঢ্য অৱদানেৰে প্ৰোজ্বল। থানঘৰীয়া টংকেশ্বৰ নাথে কৰা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত ভাগৱত পাঠ কৰে গুৱাহাটীৰ কমলেশ্বৰ বৰবৰুৱাই। অনুষ্ঠানত বেবেজীয়াৰ বিনন্দ বৰদলৈ, ১নং গেদাৰবড়িৰ ভোগেশ্বৰ শইকীয়া, বিৰাজ বৰুৱা, বৰজামুগুৰিৰ দেৱজ্যোতি নাথ, মৰিগাঁৱৰ বিষ্ণু পাটৰ আৰু শেতালিৰ বীৰভদ্ৰ দেউৰীয়ে পাঠচাৰ্য তথা মৰিগাঁৱৰ ভোলাৰাম দাস, টেঙাগুৰিৰ ধ্ৰুৱজ্যোতি ডেকা আৰু ৰহাৰ নাৰায়ণ নাথে ব্যাখ্যাকাৰক ৰূপে উপস্থিত থাকে। সন্ধ্যা সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ্য যে দুয়োদিনৰ সমূহ কাৰ্যসূচীৰ আঁত ধৰে গম্ভীৰ নাথ আৰু গোলাপ নাথে।