ডিজিটেল ডেস্ক:- ২০১৮ চনৰ আৰ্কিটেক ডিজাইনাৰৰ আত্মহত্যা গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে।
ইয়াৰ পূৰ্বে অৰ্ণৱক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল বোম্বে উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে অৰ্ণৱৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰে। ইফালে অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে প্ৰতিশোধমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে বিজেপি আৰু তেওঁৰ অনুৰাগীসকলে।
