জামিন বিচাৰি আদালতত আবেদন দাখিল শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাৰ…

51

প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰাৰ অভিযোগত অভিযুক্ত আফতাব পুনাৱালাই শুকুৰবাৰে দিল্লীৰ সাকেট আদালতত জামিন বিচাৰি আবেদন দাখিল কৰে।

বৰ্তমান তেওঁ ন্যায়িক জিম্মাত আছে আৰু কাইলৈ তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে জনোৱা মতে, মেহৰৌলী আৰু গুৰুগ্ৰামৰ বনাঞ্চলৰ পৰা উদ্ধাৰ হৈছে শ্ৰদ্ধাৰ মৃতদেহৰ কিছু অৱশিষ্ট।

উল্লেখ্য যে, শ্ৰদ্ধা হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল।

প্ৰেমৰ জালত বন্দী কৰি আফতাব পুনাৱালাই নৃশংসভাৱে হত্যা কৰিছিল শ্ৰদ্ধা নামৰ যুৱতীগৰাকীক।