মহানগৰীৰ হিট এণ্ড ৰাণ গোচৰৰ আৰোপী ৰাজকণ্যা বৰুৱাক কৌশলপূৰ্ণভাৱে GNRC হাস্পতালৰ আই চি ইউ কক্ষত ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱাই লাভ কৰে জামিন। দেওবাৰে সন্ধিয়া জামিন লাভ কৰাৰ পিছতে চিকিৎসকগৰাকী নিজ গৃহলৈ যায়।
উল্লেখ্য যে, তিনিদিনীয়া জেৰাৰ অন্তত দেওবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছিল ডাঃ নৱনীল বৰুৱাক। ইফালে আৰক্ষীৰ সন্মুখত দিয়া ভাষ্যত ডাঃ বৰুৱাই কৈছিল যে ৰাজকণ্যা বৰুৱাক ICU ত ভৰ্তি কৰাৰ পূৰ্বে তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পৰা ফোনযোগে অনুমতি লৈছিল।
অৱশ্যে DGP ভাস্কৰজ্যোতি মহন্তই তেওঁলৈ নৱনীল বৰুৱাই ফোনযোগে যোগাযোগ কৰাৰ কথা স্বীকাৰ কৰিলেও অনুমতি লোৱাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে।
