ষ্টাফ ৰিপোৰ্টাৰ : কৰ’না মহামৰীৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো প্ৰযোজ্য হৈ আছে লকডাউন ৷ ইয়াৰ বাবে এচাম শ্ৰমজীৱীলোকে খাদ্যসামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ তেনে এচাম ব্যক্তিক সামন্য সহায় কৰিবলৈ আগবাঢ়ি আহিছে যুৱ ব্যৱসায়ী তথা সমাজ কৰ্মী অংকুৰ দত্তই ৷ দেওবাৰে তেওঁ মহানগৰীৰ জাপৰিগোগ অঞ্চলত প্ৰায় চাৰি শতাধিক শ্ৰমজীৱী মানুহৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰ সমান্তৰালভাৱে দত্তই নিজ প্ৰচেষ্টাত ঘৰুৱাভাৱে ৰান্ধি শ্ৰমজীৱী মানুহৰ মাজত আহাৰ বিতৰন কৰে ৷ সামগ্ৰী বিতৰন অনুষ্ঠানত গুৱাহাটী পৌৰনিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াৰ উপস্থিতিত চাউল, দাইল, আলু, নিমখ লগতে অন্যান্য সামগ্ৰী বিতৰণ কৰা হয় ৷ উল্লেখ্য সামগ্ৰী বিতৰণত স্হানীয় একাংশ যুৱকে বিশেষ সহযোগিতা আগবঢ়ায়।
Latest article
আইটিচিৰ ছানৰাইজ স্পাইচেছৰ উদ্যোগত মুকলি হ’ল “শিপা বিচাৰি: এ বেক টু ৰুটছ ছিৰিজ”
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
কাইলৈ কলকাতাৰে মুখামুখি পঞ্জাৱ কিংছৰ
এটা ছিজনৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ অৰ্জন কৰোৱা শ্ৰেয়াছ আয়াৰে এতিয়া প্লে অফৰ অৰ্হতাৰ অৰ্জনত আটাইতকৈ ডাঙৰ বাধা হ'বলৈ গৈ আছে যেতিয়া তেওঁৰ...
আৰণ্যকৰ উদ্যোগত অসম-অৰুণাচলৰ বন কৰ্মীক গিবন সংৰক্ষণৰ প্ৰশিক্ষণ
ভাৰতৰ একমাত্ৰ এপ প্ৰজাতি হিচাপে জনাজাত বিপন্নপ্ৰায় গিবন (হুলক গিবন)ৰ সংৰক্ষণৰ বিভিন্ন দিশৰ বিষয়ে বনকৰ্মী সকলক সজাগ কৰাৰ উদ্দেশ্যে অব্যাহত ৰখা নিৰলস প্ৰচেষ্টাৰ অংশহিচাপে...