জাপানত ভূমিকম্প: ২৮ জনৰ মৃত্যু, ২ শতাধিক আহত

117

জাপানৰ ৰাজধানী টকিঅ’ত বৃহস্পতিবাৰে নিশা অনুভূত হোৱা ৬.১ ৰিখটাৰ স্কেলৰ প্ৰবল্যৰ ভূমিকম্পত ৰাজধানী চহৰখনৰ লগতে উপকণ্ঠ অঞ্চল সমূহত বিস্তৰ ক্ষতি সাধন হয়। আন্তঃৰাষ্ট্ৰীয় খবৰ অনুসৰি, এই ভূমিকম্পৰ ফলত ২৮ গৰাকী লোকৰ মৃত্যু ঘটাৰ বিপৰীতে দুই শতাধিক আহত হয়।

নিশা ১০.৪১ বজাত অনুভূত হোৱা এই প্ৰচণ্ড ভূমিকম্পটোৰ কেন্দ্ৰস্থল টকিঅ’ৰ পূবৰ চিবা প্ৰদেশত ভূ-গৰ্ভৰ ৮০ কিলোমিটাৰ তলত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত কেইবস্থাও অঞ্চলৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আনহাতে একে নিশা ম্যানমাৰতো ৫.৫ প্ৰাবল্যৰ এক ভূমিকম্প আহে। ভাৰততো দিনৰ ভাগত ১২.৩০ বজাত লাডাখৰ লেহত ৩.৮ প্ৰাবল্যৰ ভূমিকম্প অহাৰ পিছত নিশা ১২ বজাত অসমতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।