জাজৰিত প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

160

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ২০০২ চনত গুজৰাটত মুছলিম বিৰোধী গণহত্যাৰ সময়ত এক নৃশংস হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছিল। বিলকিছ বানো নামৰ এগৰাকী পাঁচ মহীয়া গৰ্ভাৱতী মহিলাক গণ ধৰ্ষণ কৰাৰ লগতে দুৰ্বৃত্তই মহিলাগৰাকীৰ তিনি বছৰীয়া কন্যা সন্তানসহ পৰিয়ালৰ সাতজনকৈ লোকক নিদাৰুণভাবে হত্যা কৰিছিল৷ পিছত এই ঘটনাৰ লগত জড়িত এঘাৰজন অপৰাধীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল৷

কিন্তু এই অপৰাধীসকলক গুজৰাটৰ বিজেপি চৰকাৰে শেহতীয়াকৈ শাস্তিৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্তক দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুজৰাট চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰি বাছ আস্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ সন্থাৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰতিবাদকাৰী সকলে “ধৰ্ষণকাৰী-হত্যাকাৰীক মুক্তি কিয় দিয়া হ’ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰে জবাব দিয়ক”, “ধৰ্ষণকাৰীক মুক্তি দি নাৰী সমাজক অপমানিত কৰা নচলিব”, “বিলকিছ বানোক ন্যায় প্ৰদান কৰক”, “বিলকিছ বানোৰ ধর্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক”, “ধৰ্ষণকাৰীক নায়ক সজোৱা বিজেপি-আৰ এছ এছ মুদ্দাৰ্বাদ”, “সাম্প্ৰদায়িক সংঘৰ্ষক উৎসাহ যোগোৱাৰ বিৰূদ্ধে ৰাইজ এক হওক” আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

সন্থাৰ উপ সভানেত্ৰী উমা পাটৰৰ লগতে চিমা বৰদলৈ, নিলুফা চুলতানা, জ্যোৎস্না বেগম আৰু ৰূপা বেগমৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে৷ ইফালে, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা তথা দলংঘাট ব্লক সমিতিৰ সম্পাদিকা আয়েফা বেগমে এক প্ৰেছ বিবৃতিৰ জড়িয়তে কয় যে–২০০২ চনত গুজৰাটত সংঘটিত হোৱা উক্ত অপৰাধৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আছিল।

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১৫ আগষ্টৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে “অমৃত মহোৎসৱ” উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। কিন্তু এই দিনটোতেই ধৰ্ষণকাৰী আৰু হত্যাকাৰীক মুক্ত কৰাৰ বাবে গুজৰাটৰ বিজেপি চৰকাৰে লোৱা সিদ্ধান্তৰ ভিত্তি কি! আচলতে সাম্প্ৰদায়িক হত্যা,ধৰ্ষণৰ শাস্তি ৰেহাই দিয়া আৰু সিহঁতৰ ডিঙিত মালা পিন্ধাই, মিঠাই খোৱাই, ভৰি চুই সেৱা কৰি আৰ এছ এছ আৰু বিজেপিয়ে গুণ্ডাৰাজৰ শাসন চলাবলৈ আৰু হিন্দুত্ববাদৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা কৰা সকলক ৰাষ্ট্ৰীয় নায়কৰ সন্মান দিব বিচাৰিছে নেকি!

স্বাধীনতাৰ ৭৫ বছৰৰ পবিত্ৰ দিনটোক আৰ এছ এছ আৰু বিজেপিয়ে ভাৰতৰ নাৰী সমাজৰ বাবে চৰম হতাশা আৰু অপমানৰ দিন কৰি তুলিলে বুলি উল্লেখ কৰি নাৰী সংগঠনটোৰ নেতৃগৰাকীয়ে এই দিনটোতেই বিজেপি চৰকাৰে ধৰ্ষণকাৰী আৰু হত্যাকাৰীক মুক্ত কৰা দিন হিচাপে বাছি লোৱাটো লজ্জাজনক বুলি কয়।