সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই যোৱাৰ সময়তে ৪ পথচাৰীক মহতিয়াই নিলে স্কুটী আৰক্ষীয়ে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে জাগুনৰ নমাইলত।
জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া হৰেন্দ্ৰনাথ, চন্দন পাল, স্বপন দেৱনাথ আৰু বৰুণ বৰ্মন নামৰ চাৰি বন্ধু খোজকাঢ়িবলৈ ওলাই যোৱাৰ সময়তে এআৰ ১২এ ৪০০৪নম্বৰৰ এখন স্কুটীয়ে তেওঁলোকক খুন্দা মাৰে। যাৰ ফলত স্বপ্নন দেৱনাথ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ইফালে স্কুটী আৰোহী ছিদ্দিকুল আলীও দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।
আহত দুয়োজনকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
জানিব পৰা পৰে দুৰ্ঘটনা সংঘটিত কৰা ছিদ্দিকুল আলী নগাঁৱৰ নিবাসী যদিও জাগুনত ৰাজমিস্ত্ৰিৰূপে কৰ্মৰত আছিল। সুৰাসক্ত হৈ বাহন চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে স্থানীয় লোকে।