জাগীৰোডত শোকাৱহ দুর্ঘটনা

99

জাগীৰোডৰ চেনিমাৰিত নিশা শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। নিহত মৰিগাঁৱৰ উদাহিনবড়ীৰ হেমন্ত দাস আৰু ৰঞ্জন বৰদলৈ। নিশা ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত পালছাৰ বাইক। বিপৰীত দিশৰ পৰা অহা যাত্ৰীবাহী মেজিকৰে মুখামুখি সংঘৰ্ষ। নিশাই এজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। পুৱা পথৰ কাষৰ পুখুৰীৰ পৰা উদ্ধাৰ আনটো মৃতদেহ।