জাগীৰোডত ধৰ্ষণৰ চেষ্টা চলোৱা লম্পট ৰম কুমাৰ বিশ্বাসক গ্ৰেপ্তাৰ

78

জাগিৰোডঃ জাগীৰোড আৰক্ষীয়ে মঙলবাৰে নিশা মৰিগাঁও জিলাৰ চাকুমাকু গাঁৱৰ ৰম কুমাৰ বিশ্বাসক ধৰ্ষণৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি, লম্পটজনে মঙলবাৰে নিশা একেখন গাঁৱৰ এটা ঘৰত প্ৰৱেশ কৰিছিল আৰু শুই থকা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল।

ভুক্তভোগীয়ে অভিযোগ কৰা মতে লম্পটজনে নিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা চলায়। কিন্তু নিৰ্যাতিতাই চিঞৰ বাখৰ কৰাত তেওঁক চুৰীৰে আঘাত কৰি পলায়ন কৰে লম্পটজনে।

স্থানীয় লোকসকলে পিছত অপৰাধীজনক আটক কৰি উত্তম মাধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ৰম কুমাৰ বিশ্বাস নামৰ লম্পটজনক গ্ৰেপ্তাৰ কৰিছে।