ষ্টাফৰিপোৰ্টাৰ, ২৯ এপ্ৰিল :: ৰাজ্যৰ সকলো ভঙা আৰু দুৰ্বল মথাউৰিৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
গুৱাহাটী আৰু মাজুলীৰ মেটেৰিয়েল বেংককেইটাত পাৰ্কুপাইন, জিঅ’ বেগ, ৰাবাৰ ব’টৰ দৰে সকলো জৰুৰীকালীন সামগ্ৰী মজুত ৰখাৰ নিৰ্দেশ।
জলসম্পদ বিভাগৰ সকলো নিয়ন্ত্ৰণ কক্ষকে ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থকাটো সুনিশ্চিত কৰাৰ নিৰ্দেশ৷
বানকেন্দ্ৰিক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফক সকলোধৰণৰ অত্যাধুনিক সা-সঁজুলিৰে সৈতে সাজু হৈ থকাৰ নিৰ্দেশ৷
দুৰ্যোগকালীন পৰিস্থিতিৰ মোকাবিলাৰ বাবে দক্ষ শ্ৰমিক-কৰ্মচাৰীৰ দল স্পৰ্শকাতৰ অঞ্চলসমূহত অহৰ্নিশে সাজু কৰি ৰখাৰ নিৰ্দেশ৷
