জম্মু কাশ্মীৰৰ পৰা সোণ কিনিবলৈ আহি লালুকত ধৰা পৰিল তিনি অবৈধ ব্যৱসায়ী

348

জম্মু কাশ্মীৰৰ পৰা সোণ কিনিবলৈ আহি লালুকত ধৰা পৰিল তিনি অবৈধ ব্যৱসায়ী ৷
পুনৰ লখিমপুৰত সক্ৰিয় হৈ উঠিছে নকল সোণ আৰু জাল নোটৰ ৰমৰমীয়া বেহা ৷
লখিমপুৰৰ পৰা গৈ অসমৰ বিভিন্ন প্ৰান্তত চলাই আছে নকল সোণ আৰু জাল নোটৰ অবৈধ বেহা ৷
আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই মাজে সময়ে বিভিন্ন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে যদিওঁ আজি পুনৰ আন এক ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ লালুকত ৷
লালুক আৰক্ষীয়ে অভিযান চলাই ৩ নং ধৰ্মপুৰৰ বাবুল ইছলাম নামৰ এজন ঠগ প্ৰৱঞ্চকৰ লগতে জম্মু কাশ্মীৰৰ তিনিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে বাবুল ইছলামে ফোন নাম্বাৰ সালসলনি কৰি জম্মু কাশ্মীৰৰ তিনিজন লোকক সোণ কম দামত বেছিব বুলি মাতি আনিছিল লালুক থানাৰ অন্তৰ্গত ৩ নং ধৰ্মপুৰত ৷
গোপন সুত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চাৰিগৰাকী অবৈধ ব্যৱসায়ীক ৷
এতিয়া প্ৰশ্ন হয় অসমত কেতিয়ালৈ বন্ধ হ’ব নকল সোন আৰু জাল নোটৰ ৰমৰমীয়া ব্যৱসায় ৷