জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল গোচৰ! ২ আগষ্টৰ পৰা শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

64

জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। ২ আগষ্টৰ পৰা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত এই গোচৰৰ চূড়ান্ত শুনানি আৰম্ভ হ’ব। মঙলবাৰে উচ্চতম ন্যায়ালয়ে জনায় যে শুনানিত ৩৭০ অনুচ্ছেদ বাতিলৰ সাংবিধানিক দিশহে বিবেচনা কৰা হ’ব। সোমবাৰ আৰু শুকুৰবাৰৰ বাহিৰে সপ্তাহৰ সকলো দিনতে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি চলি থাকিব।

২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হয়। ইয়াৰ ৰাজ্যিক মৰ্যাদাও কাঢ়ি লৈ ​​দুখন পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হৈছিল। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছতে উচ্চতম ন্যায়ালয়ত কেইবাখনো আৱেদন দাখিল কৰা হয়। সেই গোচৰসমূহৰ শুনানি ২ আগষ্টৰ পৰা আৰম্ভ হ’ব। মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ২৭ জুলাইৰ ভিতৰত সকলো পক্ষই প্ৰয়োজনীয় নথি দাখিল কৰিব লাগে। মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিজৰ বক্তব্য উল্লেখ কৰি শপতনামা দাখিল কৰিছে। ৩৭০ নং অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰৰ আইন-শৃংখলাৰ পৰিস্থিতি কিমানখিনি নিয়ন্ত্ৰণত আছে সেই বিষয়ে শপতনামাত উল্লেখ কৰা হৈছে।

প্ৰসংগক্ৰমে ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰৰ বিজেপি চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ নং অনুচ্ছেদ বাতিল কৰে। ফলত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰা হয়। জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। তেতিয়াৰ পৰাই উপত্যকাটোৰ নিৰাপত্তা ব্যৱস্থাটো অভাৰহ’ল কৰা হৈছে। তাত বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ইণ্টাৰনেট সেৱা বন্ধ। ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছৰে পৰা উপত্যকাটো সাধাৰণ কাশ্মীৰীৰ কাৰাগাৰত পৰিণত হৈছে বুলি বিৰোধীৰ অভিযোগ। এনে পৰিস্থিতিত কেন্দ্ৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ বাৰে বাৰে দাবী উত্থাপন হৈ আহিছে। এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’ব উচ্চতম ন্যায়ালয়ে।