জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু…

78

ডিজিটেল ডেস্কঃ ১৪ মাহ ধৰি নজৰবন্দী হৈ থকাৰ পিছত মুক্তিলাভ কৰিয়েই পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ অধ্যক্ষা মেহবুবা মুফতী। মুক্তিলাভৰ পিছত শুকুৰবাৰে তেওঁ প্ৰথমবাৰলৈ এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত দেশৰ ৰাষ্ট্ৰীয় পতাকাক লৈ অপমানজনক মন্তব্য কৰাৰ পিছতে এতিয়া মেহবুবা মুফতীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজনৈতিক মহল।

মুফতীয়ে সংবাদমেলত কয়, ‘আমি ৰাষ্ট্ৰীয় পতাকা তেতিয়াহে উত্তোলন কৰিম, যেতিয়া আমাক আমাৰ ৰাজ্যৰ পতাকা উভতাই দিয়া হ’ব। ৰাষ্ট্ৰীয় পতাকা কেৱল ইয়াৰ (জম্মু-কাশ্মীৰ) পতাকা আৰু সংবিধানৰ বাবেহে আছে। আমি এই পতাকাৰ বাবেই দেশৰ অন্য প্ৰান্তৰ সৈতে সংযুক্ত হৈ আছো।’

মেহবুবা মুফতীৰ এই মন্তব্যৰ তীব্ৰ আপত্তি দৰ্শাই বিজেপিয়ে তেওঁক ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিছে আৰু মুফতীৰ বুৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। কংগ্ৰেছেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰিছে।

জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবিন্দৰ ৰাণাই মুফতীৰ বিৰোধিতা কৰি কয়, ‘মই লেফটেনেন্ট গৰ্ভনৰ মনোজ সিনহাক অনুৰোধ জনাইছো যাতে এনে ৰাষ্ট্ৰবিৰোধী মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে আৰু মেহবুবা মুফতীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰে।’ উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুুপ্তিৰ পিছতে মেহবুবা মুফতীসহ জম্মু-কাশ্মীৰৰ কেইবাজনো নেতাক নজৰবন্দী কৰি ৰখা হৈছিল।