জম্মু-কাশ্মীৰৰ তিনিটা পৃথক স্থানত শুকুৰবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত ৪ জনকৈ সন্ত্ৰাসবাদী নিহত হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই অভিযানৰ বিষয়ে সদৰী কৰিছে।
আৰক্ষীয়ে সদৰী কৰা মতে, পুলৱামাৰ চেৱাকলান অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানকালত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ দুজন কেডাৰ নিহত হয়। আনহাতে গান্দেৰবালৰ চাৰ্চ অঞ্চলত সংঘটিত আন এক সংঘৰ্ষত লস্কৰ-এ-তৈবাৰ দুজন দুৰ্ধৰ্ষ কেডাৰ নিহত হয়।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, নিহত সকলৰ মাজত জৈছ-এ-মহম্মদৰ কমাণ্ডাৰ কামাল ভাইও আছে। উল্লেখ্য যে, ২০১৮ চনৰ পৰা সক্ৰিয় হৈ থকা কামাল ভাইয়ে জম্মু-কাশ্মীৰত সংঘটিত কেইবাটাও কূটাঘাতৰ নেতৃত্ব দিছিল।
কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয় যে সুৰক্ষা বাহিনীয়ে শুকুৰবাৰে নিশা চাৰিৰ পৰা পাঁচটা স্থানত যুটীয়া অভিযান আৰম্ভ কৰে যাৰ ফলত দুজন জৈছ-এ-মহম্মদ সন্ত্ৰাসবাদী আৰু দুজন এল ই টি সন্ত্ৰাসবাদী নিহত হয়। সুৰক্ষা বাহিনীয়ে এজন সন্ত্ৰাসবাদীক জীৱিত অৱস্থাতো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, শুকুৰবাৰে নিশা প্ৰায় ৮.৫০ বজাত জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ আদুৰাত শবীৰ আহমেদ মীৰ নামৰ এজন গাঁওপ্ৰধানৰ ক্ষত-বিক্ষত মৃতদেহ ঘৰৰ সমীপতে উদ্ধাৰ হৈছিল। ইয়াৰ পিছতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে জিলাখনত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায়।
