জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

92

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী ৷ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ কেৰাণ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তেই তিনিটা সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয়।চিনাৰ কৰ্পে এক্সত লিখিছে, ‘‘কেৰাণ খণ্ডৰ #LoCত চলি থকা অনুপ্ৰৱেশ বিৰোধী অভিযানত তিনিটা সন্ত্ৰাসবাদীক নিধন কৰা হৈছে ৷ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।’’ অভিযান অব্যাহত থকা বুলিও পোষ্টটোত উল্লেখ ৷