জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ ৩ জোৱান, নিহত ২ সন্ত্ৰাসবাদী

87

জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ সেনা শিৱিৰত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত।

সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৩ জনকৈ জোৱান, আনহাতে আহত হৈছে আন দুগৰাকী জোৱান।

ইফালে এই আক্ৰমণত নিহত হয় দুজন সন্ত্ৰাসবাদীও। ৰাজৌৰীৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত শেৱা শিৱিৰত সংঘটিত হয় এই আক্ৰমণ।

ঘটনাৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলটোত অভিযান আৰম্ভ কৰিছে সেনাই।

নিহত সন্ত্ৰাসবাদী দুজন লস্কৰ এ তৈবাৰ সদস্য বুলি সন্দেহ কৰিছে সেনাই।