জম্মু-কাশ্মীৰত বিজেপি নেতাক গুলীয়াই হত্যা

89

জম্মু-কাশ্মীৰৰ কুলগামত অচিনাক্ত দুৰ্বৃত্তই বিজেপি নেতা জাভেদ আহমেদ দাৰক গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, জাভেদ হোমচালিবাগ বিধানসভা সমষ্টিৰ বিজেপিৰ নেতা আছিল। ইফালে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে।

কাশ্মীৰ বিজেপি গোটে এই হত্যাকাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দি হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনায়। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাইও ঘটনাৰ গৰিহণা জনায়।