জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাস

6

জম্মু-কাশ্মীৰত এই সন্ত্ৰাসৰ এক নতুন কাৰক হৈ পৰিছে লস্কৰ-ই-তৈবাৰ শাখা সংগঠন TRF। এই সন্ত্ৰাসবাদী সংগঠনটো উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত অধিক সক্ৰিয় হৈ পৰিছে। জানিব পৰা মতে এই সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যসকলে পাকিস্তানত অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। পাকিস্তানৰ পৰা সংগঠনটোক পুঁজিও যোগান ধৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।TRFৰ এই আক্ৰমণত যোৱা নিশা এগৰাকী চিকিৎসক আৰু ৬ জন শ্ৰমিক নিহত হৈছিল। চিকিৎসকগৰাকী আৰু এজন শ্ৰমিকৰ বাদে আক্ৰমণত নিহত আন ৫ জন আছিল প্ৰব্ৰজিত শ্ৰমিক। কেন্দ্ৰীয় চৰকাৰে চলাই থকা সুৰংগ প্ৰকল্পটোত আটাইকেইজন শ্ৰমিকে কাম কৰি আছিল।