ডিজিটেল ডেস্কঃ দেওবাৰে পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। কুলগাম জিলাত হোৱা আক্ৰমণত দুজন প্ৰব্ৰজনকাৰী শ্ৰমিক নিহত হয়। খবৰ অনুসৰি এই আক্ৰমণত আন এজন কৰ্মী আঘাতপ্ৰাপ্ত হয়।
স্থানীয় সূত্ৰঅনুসৰি, বন্দুক সহ সন্ত্ৰাসবাদীৰ দলে বিভিন্ন ৰাজ্যৰ পৰা আহি জম্মুত কাম কৰি থকা শ্ৰমিকৰ ঘৰত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। সন্ত্ৰাসবাদীয়ে তিনিজন শ্ৰমিকলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰে। যাৰ ফলত দুজন শ্ৰমিকৰ থিতাতে মৃত্যু ঘটে।
সন্ত্ৰাসবাদীৰ দ্বাৰা গুলীয়াই হত্যা কৰা দুয়োজন বিহাৰৰ বাসিন্দা বুলি কোৱা হৈছে। তেওঁলোকৰ এজন হৈছে ৰাজা ঋষি দেৱ আৰু আনজন হৈছে যোগিন্দৰ ঋষি দেৱ। আঘাতপ্ৰাপ্ত আনজন কৰ্মী আছিল চুন চুন ঋষি দেৱ।
উল্লেখ্য যে, এই মাহত সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মু-কাশ্মীৰত মুঠ ১১ জন নাগৰিক নিহত হৈছে। ১১ জনৰ ভিতৰত পাঁচজন প্ৰব্ৰজনকাৰী শ্ৰমিক বুলি জানিব পৰা গৈছে।
