জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ

78

শেহতীয়াকৈ জম্মু-কাশ্মীৰ অঞ্চলত বিধানসভা নিৰ্বাচন সমাপ্ত হৈছে । নিৰ্বাচনৰ পূৰ্বে আৰু ভোটগ্ৰহণৰ সময়ত অঞ্চলটোত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত কেইবাটাও সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ অপচেষ্টা বিফল কৰাৰ উদ্দেশ্যে নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান চলাইছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ । অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্ত্ৰাসবাদীক লক্ষ্য কৰি সেনাই গুলীচালনা কৰে । এনকাউণ্টাৰত দুটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে । সেনাই সন্ত্ৰাসবাদীকেইটাৰ পৰা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।